ক্লাছ 10ত পঢ়ি থাকোতে লিখা এক অনুগল্প।
তুমি বোলে কাষতে আছা কিন্তু ক'তা, মই চোন তোমাক দেখাই নাই। তুমি বতাহত আছা নেকি, নে ফুলৰ সুগন্ধত আছা, নে তুমি সৌ আকাশত আছা মই ধৰিব পৰা নাই; মোৰ আগত দেখা দিয়াহি, মই তোমাক চাবলৈ বিয়াকুল হৈ আছোঁ। তুমি চাগে পাহৰিলা সৌ ৰাতি আমি যে নদীৰ পাৰত বহি বহুত কথা পাতিছিলো আৰু আমাৰ লগৰি আছিল আকাশত জোনাকী বিলাই থকা সেই জোনটো, যিয়ে আমালৈ চায় হাঁহি আছিল। আজি সেই নদীৰ পাৰ টোৰ অস্তিত্ব নাই, শুনিলো বানত ভাঙি গৈছে। আজি ৰাতিৰ আকাশত সেই জোনৰ পোহৰ নাই; আছে মাথোঁ জলি ৰাস্তাত কেইটামান স্ত্ৰীট লাইট; যিয়ে পোহৰেৰে কেইজনমান প্ৰেমিকক বাট দেখুৱাই দিছে ঘৰলৈ ঘূৰি যোৱাৰ।
20.12.2019
Posted Nov 14, 2025, 6:54 PM UTC
72